ক’ভিডৰ নতুন SOP ক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল

Date:

*ক’ভিডৰ নতুন SOPক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল।*

তৰালী দেৱী, গুৱাহাটী, 7 জানুৱাৰী 2022 ::

📌 নিশা ১০ বজাৰ পুৱা ৬ বজালৈকে থাকিব কাৰ্ফিউ।

📌 নিশা ৯.৩০ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ।

📌 ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ।

📌 চিটী বাছ, মটৰচাইকেলত কেৱল দুটা ভেকচিন লোৱা সকলেহে উঠিব পাৰিব।

📌 শ্বপিং মল, হোটেল সকলোতে কেৱল দুটা ভেকচিন লোৱাসকলহে যাব পাৰিব।

📌 এই নিয়ম ভংগ কৰিলে কৰ্তৃপক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকা জৰিমনা।

📌 ৰাজ্যত খোলা থাকিব আন্তঃজিলা যাতায়াত। কাৰ্ফিউ সময়তো চলিব পাৰিব নৈশ বাছ। সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব।

📌 চিটি বাছতো ১০০ শতাংশ যাত্ৰীৰ অনুমতি। কিন্তু সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব। থিয় হৈ যাব নোৱাৰিব যাত্ৰী।

📌 অটোত দুটা ভেকচিন লোৱা ৩ জন যাত্ৰী উঠিব পাৰিব। নিয়ম ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ২৫০০০ টকা জৰিমনা।

📌 মাঘৰ বিহুত নিশা ১০ বজালৈকেহে থাকিব পাৰিব ভেলাঘৰত।

📌 পিছদিনা পুৱা ৬ বজাত জ্বলাব পৰিব মেজি। অৱশ্যে নিজৰ ঘৰত হ’লে ১০ বজাৰ পিছতো থাকিব পাৰিব।

📌 কাইলৈৰ পৰা বন্ধ থাকিব প্ৰথমৰ পৰা পঞ্চম মানলৈ পাঠদান

📌 গুৱাহাটীত অষ্টম মানলৈ বন্ধ থাকিব পাঠদান !

📌 নৱমৰ পৰা একাদশ শ্ৰেণীলৈ সপ্তাহত তিনি দিনকৈ চলিব পাঠদান

📌 ৩০ জানুৱাৰীলৈ প্ৰজোয্য হ’ব এই নিয়ম

📌 দ্বাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত চলিব নিয়মীয়া পাঠদান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Popular

More like this
Related

লায়ন্স ক্লাব অব শিলচর কেয়ারের মাসিক সভা অনুষ্ঠিত

যুব দর্পণ প্রতিবেদন, ২৯ অক্টোবর, শিলচর :: লায়ন্স ক্লাব...

লায়ন্স ক্লাব অব শিলচর গ্রেটারের স্বর্গযাত্রা প্রকল্পের উদ্বোধন

যুব দর্পণ প্রতিবেদন, ২৮ অক্টোবর , শিলচর:: লায়ন্স ক্লাব...
%d bloggers like this: